Doctor Child abuse case

ৰাজ্য তোল-পাৰ লগাইছিল চিকিৎসক দম্পত্তি ডাঃ সংগীতা দত্ত আৰু ডাঃ ৱালিউল ইছলামৰ তুলনীয়া শিশু নিৰ্যাতন কাণ্ডই। জঘন্য শিশু নিৰ্যাতন কাণ্ডত অভিযুক্ত হৈ এতিয়া কাৰাগাৰৰ আলহী হৈ আছে চিকিৎসক দম্পত্তি। কিন্তু শেহতীয়াকৈ শিশু সুৰক্ষা কৰ্মী মিগুৱেল দাসৰ বিস্ফোৰক মন্তব্য- এতিয়াও শিশু দুটিয়ে উচপ খাই উঠে সংগীতা দত্ত আৰু ৱালিউল ইছলামৰ নাম শুনিলে। শিশু দুটিৰ লগত হোৱা অপাশৱিক কাণ্ড যেন এতিয়াও পাহৰিব পৰা নাই কণমানিদুটিয়ে। উল্লেখ্য যে চিকিৎসক দম্পত্তিৰ সৈতে কাৰাগাৰৰ আলহী হৈ আছে তিনিগৰাকী অভিযুক্ত মহিলাও।