SI Junmoni Rabha Dead

চলিত বৰ্ষৰ ১৬ মে' তাৰিখে পুৱতি নিশা সংঘটিত হোৱা এক ৰহস্যজনক পথ দুৰ্ঘটনাত মৃত্যু হৈছিল SI জোনমণি ৰাভাৰ। কণ্টেইনাৰ ট্ৰাকৰ সৈতে মুখামুখি সংঘৰ্ষ হৈছিল জোনমণি ৰাভাৰ মাৰুতি বাহনৰ। জোনমণি ৰাভাৰ মৃত্যুৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল। এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ কৰিছিল পৰিয়ালৰ লোকে।

আনহাতে, এই কাণ্ডৰ সৈতে তদানীন্তন নগাওঁ জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেৰ লগতে নগাওঁ আৰক্ষী কেইবজনো বিষয়াৰ নাম সাঙোৰ খাইছিল। তাৰ পাছতে সমগ্ৰ ঘটনাটো সঠিক তদন্তৰ বাবে  CBIৰ হাতত দিয়া হৈছিল।