সাহসী আছিল SI জোনমণি ৰাভা! চৰ্চাতো আছিল প্ৰয়াত জোনমণি

Junmoni

এক কৰুণ খবৰে জোকাৰিছে অসমক। SI জোনমণি ৰাভাৰ কৰুণ মৃত্যুত শোকস্তব্ধ অসমবাসী। এক ভয়ংকৰ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে জোনমণিয়ে। প্ৰয়াত SI জোনমণি ৰাভা আছিল এগৰাকী সাহসী আৰক্ষী বিষয়া। ২০২২ চনৰ এক ঘটনাত সাহসিকতাৰ পৰিচয় দিছিল SI গৰাকীয়ে। সেই নিৰ্দিষ্ট ঘটনাৰ পৰাই চৰ্চিত হৈ পৰিছিল জোনমণি। সেইসময়ত মাজুলীত কৰ্মৰত আছিল জোনমণি। এগৰাকী বিধায়কৰ নিৰ্দেশ মানি নোলোৱাৰ বাবে অসমবাসীৰ প্ৰশংসাৰ পাত্ৰ হৈছিল SI গৰাকী। বিহপুৰীয়াৰ বিধায়ক অমিয় কুমাৰ ভূঞা আৰু জোনমণি ৰাভাৰ এক টেলিফ'নিক বাৰ্তা ভাইৰেল হৈ পৰিছিল সামাজিক মাধ্যমত।বিধায়ক গৰাকীয়ে জোনমণি ৰাভাক এখন নাও জব্দ কৰা সন্দৰ্ভত প্ৰশ্ন কৰিছিল আৰু বিষয়টোৰ তদন্তৰ পৰা আঁতৰি থাকিবলৈ কোৱাৰ বাৰ্তা প্ৰকাশ পাইছিল সেই ভাইৰেল অডিঅ' ক্লিপটোত। আৰু বাৰ্তালাপত SI জোনমণিয়ে একেষাৰেই ডাঠি সেই নিৰ্দেশক অস্বীকাৰ কৰিছিল। এই ঘটনাৰ পৰাই চৰ্চিত হৈ পৰিছিল আৰক্ষী বিষয়া গৰাকী। সকলোৰে বাবে আদৰ্শ হৈ পৰিছিল জোনমণি। 
উল্লেখ্য যে ২০২২ চনতে ধন সংগ্ৰহৰ অভিযোগত গ্ৰেপ্তাৰ কৰাও হৈছিল SI জোনমণি ৰাভাক। কিন্তু কেইদিন মানৰ পাছতে জামিন লাভ কৰি পূৰ্বৰ পদ ঘূৰাই পাইছিল SI গৰাকীয়ে। 
জোনমণি ৰাভাৰ মৃত্যুত সৃষ্টি হৈছে বহু ৰহস্যৰো। মুঠতে SI গৰাকীৰ মৃত্যুত মৰ্মাহত হৈ পৰিছে অসমবাসী। 

Category