NASA

চন্দ্ৰৰ দক্ষিণ মেৰুত ইতিহাস ৰচিলে ভাৰতৰ চন্দ্ৰযান-৩ য়ে। কেৱল ভাৰতৰেই নহয়, সমগ্ৰ বিশ্বৰ দৃষ্টি নিৱদ্ধ হৈ আছে ভাৰতৰ চন্দ্ৰযান-৩ ৰ ওপৰত। এইবাৰ নাছাই শ্বেয়াৰ কৰিছে লেণ্ডাৰ বিক্ৰমৰ ছবি। লেণ্ডাৰ বিক্ৰমে চন্দ্ৰৰ মাটিত থিয় হৈ থকা ফটো শ্বেয়াৰ কৰিছে নাছাই।

এই ছবিখন আমেৰিকাৰ মহাকাশ সংস্থাই ইয়াৰ এক্স হেণ্ডেলত শ্বেয়াৰ কৰিছে। আনহাতে, নাছাই শ্বেয়াৰ কৰা পোষ্টটোৰ মতে, এই ছবিখন নাছাৰ এল আৰ অ' মহাকাশযানৰ পৰা লোৱা হৈছে।