Jammu & Kashmir

জম্মু-কাশ্মীৰত পুনৰ সন্ত্ৰাসবাদীৰ সন্ত্ৰাস । ৫ দিনত দুবাৰকৈ গুলীচালনাৰে আক্ৰমণ প্ৰব্ৰজনকাৰীক । আক্ৰমণত আহত হয় দুজনকৈ লোক। 

উল্লেখ্য যে, মঙলবাৰে সন্ধিয়া জম্মু-কাশ্মীৰৰ অনন্তনাগ চহৰত সংঘটিত এই ঘটনা। অঞ্চলটোত সন্ত্ৰাসবাদীৰ গুলীচালনাত আতংকৰ সৃষ্টি হয় অঞ্চলবাসীৰ মাজত। 

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ কৰা অনুসৰি এই ঘটনাত আহত লোক দুজন আছিল শ্ৰমিক । আঘাতপ্ৰাপ্ত লোক দুজনক সংকটজনক অৱস্থাত এখন চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। পিছে আশ্বৰ্যজনক কথাটো হ'ল যে দুয়োজন শ্ৰমিকেই স্থানীয়লোক নহয়, অভিযোগ অনুসৰি দুয়োজনেই প্ৰব্ৰজনকাৰী।