Closed

আজি গুৱাহাটী মহানগৰীত বন্ধ অ’লা–উবেৰ, টেক্সী সেৱা । সদৌ অসম কেৱ অপাৰেটৰ ইউনিয়নে ২৪ ঘণ্টাৰ বাবে অ’লা-উবেৰ সেৱাসমূহ বন্ধৰ আহ্বান কৰিছে। জানিব পৰা মতে, এই বন্ধক  সদৌ অসম কেৱ মজদুৰ সংঘই সমৰ্থন জনাইছে। উল্লেখ্য যে, কোম্পানীয়ে চালকসকলক দীৰ্ঘদিনে চলাই অহা শোষণ বন্ধ কৰাৰ দাবীত এই বন্ধ দিয়া হৈছে। অ’লা–উবেৰ, টেক্সী চালকৰ সমস্যা সমাধানত ইয়াৰ কোম্পানীসমূহে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপন কৰিছে সদৌ অসম কেৱ অপাৰেটৰ ইউনিয়নে। লগতে তেওঁলোকে ৰাজ্যিক পৰিবহণ বিভাগে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰো অভিযোগ উত্থাপন কৰিছে।