Hritik Roshan

অসমলৈ আগমন ঘটিছে এজনৰ পিছত আনজন বলিউড তাৰকাৰ। কিছুদিন পূৰ্বে কংগনা ৰাণাৱটে ছবিৰ কাম সামৰি ওভতি যোৱাৰ পিছতে এইবাৰ অসমলৈ আহিছে বলিউডৰ জনপ্ৰিয় অভিনেতা হৃত্বিক ৰোশন। নতুন বলিউড ছবি 'ফাইটাৰ'ৰ চিত্ৰগ্ৰহণৰ বাবে অসমলৈ আহিছে অভিনেতাগৰাকী। ছবিৰ শ্বুটিঙৰ বাবে তেজপুৰলৈ আহিছে অভিনেতাগৰাকী। ১০ দিনীয়া ভ্ৰমণসূচীৰে অসমত উপস্থিত থাকিব দলটো। তেজপুৰৰ সমীপৰ বিমান ঘাটীত চলিব শ্বুটিং।তেজপুৰ বায়ুসেনাৰ ঘাটিত বলিউডৰ তাৰকা অভিনেতা ঋত্বিক ৰোশন নিজৰ চাৰটাৰ বিমান যোগে উপস্থিতি হৈছে ফাইটাৰৰ দৃশ্য গ্ৰহণৰ বাবে। বৰ্তমান বন্ধ কৰিছে সাংবাদিকৰ প্ৰৱেশ।