Child Artist

৫ অক্টোবৰত মাজুলীৰ শ্ৰীশ্ৰী পীতাম্বৰ দেৱগোস্বামী চিকিৎসালয়ত আকস্মিকভাৱে মৃত্যুক সাবটি ল’বলগা হৈছিল শিশু কণ্ঠশিল্পী তেজস্বিতা বৰুৱাই। আৰু তাৰ পাছতে পিতৃ-মাতৃৰ অভিযোগৰ ভিত্তিত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই তেজস্বিতাৰ মৃত্যুৰ দণ্ডাধীশ পৰ্যায়ৰ তদন্ত ঘোষণা কৰিছিল আৰু মাজুলী জিলাৰ অতিৰিক্ত উপায়ুক্ত ড° সঞ্জীৱ কুমাৰ ফুকন আৰু মাজুলী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া জয়দ্বীপ ৰজকক তদন্তৰ দায়িত্ব দিয়া হৈছিল। এই তদন্ত প্ৰক্ৰিয়াৰ প্ৰতিবেদন ইতিমধ্যে ৰাজ্য চৰকাৰলৈ প্ৰেৰণ কৰা হৈছে আৰু মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পাছতে এই প্ৰতিবেদন ৰাজহুৱা কৰা হৈছে। প্ৰতিবেদন অনুসৰি, তেজস্বিতাৰ মৃত্যুৰ পাছত যেনেদৰে চিকিৎসা সেৱা আৰু স্বাস