akashvani dibrugarh

আকৌ এবাৰ অসমীয়াৰ স্বাভিমানক আঘাট হানিলে কেন্দ্ৰীয় চৰকাৰে। অসম লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষা বৰ্জনৰ পাছতে এইবাৰ বাতিল কৰিলে অসমীয়া ভাষাৰ বুলেটিন। আকাশবাণী ডিব্ৰুগড়ৰ পৰা বাতিল কৰিলে অসমীয়া ভাষাৰ বুলেটিন। ২৫ অক্টোবৰ অৰ্থাৎ কাইলৈৰ পৰা বন্ধ হ'ব বাতৰি সম্প্ৰচাৰ। শুনিবলৈ নাপাব প্ৰতি সন্ধ্যা ৬বজাত ৫মিনিটৰ বাবে সম্প্ৰচাৰিত হৈ অহা আঞ্চলিক বাতৰিৰ বুলেটিনখন। যোৱা শনিবাৰে দিল্লী প্ৰচাৰ ভাৰতীয়ে জাৰি কৰিলে এই নিৰ্দেশনা।