pm diwali celebration

সোমবাৰে কাৰ্গিলত উপস্থিত হয় দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। সীমান্তৰ কাৰ্গিলত দেশৰ সেনাজোৱানৰ সৈতে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিবলৈ উপস্থিত হয় প্রধানমন্ত্রী মোডী। কাৰ্গিলত সেনাবাহিনীৰ পোছাকত দেখা গ’ল প্ৰধানমন্ত্ৰী গৰাকীক। যোৱা বছৰো মোডীয়ে জন্মুৰ নওচেৰাত সৈনিকৰ সৈতে দেৱালী উদযাপন কৰিছিল। আৰু তেওঁ সৈনিক সকলৰ প্ৰশংসা কৰি কৈছিল যে সেনাজোৱানৰ সুৰক্ষাৰ বাবেই দেশবাসীয়ে শান্তিত শুব পাৰিছে।