দীপাৱলী উদযাপনৰ বাবে কাৰ্গিলত উপস্থিত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী

pm modi celebrate dipawali in kargil

সোমবাৰে কাৰ্গিলত উপস্থিত হয় দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী। সীমান্তৰ কাৰ্গিলত দেশৰ সেনাজোৱানৰ সৈতে পোহৰৰ উৎসৱ দীপাৱলী উদযাপন কৰিবলৈ উপস্থিত হয় প্রধানমন্ত্রী মোডী। কাৰ্গিলত সেনাবাহিনীৰ পোছাকত দেখা গ’ল প্ৰধানমন্ত্ৰী গৰাকীক। যোৱা বছৰো মোডীয়ে জন্মুৰ নওচেৰাত সৈনিকৰ সৈতে দেৱালী উদযাপন কৰিছিল। আৰু তেওঁ সৈনিক সকলৰ প্ৰশংসা কৰি কৈছিল যে সেনাজোৱানৰ সুৰক্ষাৰ বাবেই দেশবাসীয়ে শান্তিত শুব পাৰিছে।

 

 

২০১৪ চনৰ পৰাই এনেদৰে প্ৰত্যেক বছৰেই প্রধানমন্ত্রী গৰাকীয়ে দেশমাতৃৰ সেৱা আগবঢ়াই যোৱা সেনাজোৱানৰ সৈতে দেৱালী পালন কৰি আহিছে। ২০১৪ চনত চিয়াচেনত, ২০১৫ চনত পঞ্জাৱ সীমান্তৰ সৈনিকক সাক্ষাৎ কৰিছিল। আৰু ২০১৬ চনত হিমাচল প্রদেশৰ সৈনিকৰ সৈতে, ২০১৭ চনত জন্মু কাশ্মীৰৰ বন্দীপোৰাৰৰ গুৰুজ উপত্যকাৰ সৈনিকৰ সৈতে, ২০১৮ চনত উত্তৰাখণ্ডত ভাৰতীয় সেনা আৰু ভাৰত – তিব্বত সীমান্ত আৰক্ষীৰ সৈতে, ২০১৯ চনত জন্মুৰ নিয়ন্ত্রণ ৰেখাৰ কাষৰ ৰাজৌৰী জিলাৰ সৈনিকৰ সৈতে, ২০২০ চনত ৰাজস্থানৰ জয়সয়মেলাত সৈনিকৰ সৈতে উদযাপন কৰিছিল দীপাৱলী।

Category
Profile picture for user UB Photos