Mallikarjun Kharge

বিগত বৰ্ষৰ মে’ মাহত সৃষ্টি হোৱা মনিপুৰৰ কুকি আৰু মেইটেই, দুই জনগোষ্ঠীৰ মাজৰ সংঘৰ্ষ এতিয়াও শান্ত হোৱা নাই। কিন্তু আজি পৰ্যন্ত দেশৰ প্ৰধান মন্ত্ৰী গৰাকী মনিপুৰ ভ্ৰমণ বাদেই ৰাজ্য খনত উদ্ভৱ হোৱা হিংসাত্মক পৰিস্থিতিৰ সন্দৰ্ভত আলোচনাৰ পৰাও বিৰত থকাক লৈ তীক্ষ্ণ সমালোচনা দেশৰ বিৰোধী দলৰ।

শেহতীয়াকৈ প্ৰধানমন্ত্ৰী মোদীয়ে লক্ষাদ্বীপ ভ্ৰমণৰ ফটো মোদীৰ লগতে বিজেপিৰ বহুকেইগৰাকী নেতাই সামাজিক মাধ্যমত শ্বেয়াৰ কৰাৰ পিছতেই পুনৰ মনিপুৰ প্ৰসংগৰে সমালোচনা কৰিছে কংগ্ৰেছৰ সভাপতি মল্লিখাৰ্জুন খাৰ্গে।