World Tourism Day 2022

আজি বিশ্ব পৰ্যটন দিৱস। প্ৰতি বছৰৰ ২৭ ছেপ্টেম্বৰ দিনটো বিশ্বব্যাপী পালন কৰা হয় এই দিৱস।

 

ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিশ্ব পৰ্যটন সংস্থাৰ প্ৰত্যক্ষ তত্ত্বাবধানত ১৯৮০ চনৰ পৰা সকলো সদস্য দেশে এই দিৱস পালন কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থা অৰ্থাৎ United Nations World Tourism Organisation য়ে আৰম্ভ কৰা এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে আন্তজাৰ্তিক সম্প্ৰদায় আৰু পৰ্যটন কেন্দ্ৰৰ লগত সেতুবন্ধন গঢ়ি তোলা লগতে বিশ্বৰ বিভিন্ন পৰ্যটন ক্ষেত্ৰসমূহৰ প্ৰচাৰ কৰা।