Ganesh Chaturthi

আজি পৱিত্ৰ গণেশ চতুৰ্থী। এই উৎসৱ ভগৱান গণেশৰ জন্মদিন হিচাপে পালন কৰা হয়। হিন্দু পঞ্জিকা অনুসৰি ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত ভগৱান গণেশক পূজা কৰা হয়। এই চতুৰ্থীতে দেৱাদিদেৱ মহাদেৱ আৰু পাৰ্বতীৰ পুত্ৰ গণেশ পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয় তাৰে পৰিপ্ৰেক্ষিতত এই উত্‍সৱ পালন কৰা হয়। সাধাৰণতে এই দিনটো ২০ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰৰ ভিতৰত যিকোনো দিনতে পৰে।