
আজি পৱিত্ৰ গণেশ চতুৰ্থী। এই উৎসৱ ভগৱান গণেশৰ জন্মদিন হিচাপে পালন কৰা হয়। হিন্দু পঞ্জিকা অনুসৰি ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থী তিথিত ভগৱান গণেশক পূজা কৰা হয়। এই চতুৰ্থীতে দেৱাদিদেৱ মহাদেৱ আৰু পাৰ্বতীৰ পুত্ৰ গণেশ পৃথিৱীলৈ নামি আহে বুলি বিশ্বাস কৰা হয় তাৰে পৰিপ্ৰেক্ষিতত এই উত্সৱ পালন কৰা হয়। সাধাৰণতে এই দিনটো ২০ আগষ্টৰ পৰা ১৫ ছেপ্টেম্বৰৰ ভিতৰত যিকোনো দিনতে পৰে।
এই বছৰ গণেশ চতুৰ্থী ২৬ আগষ্টৰ দিনৰ ১:৫৪ বজাৰ পৰা আৰম্ভ হৈ ২৭ আগষ্টৰ দিনৰ ৩:৪৪ বজাত অন্ত পৰিব। অৰ্থাত্ আজি পালন কৰা হয় গণেশ চতুৰ্থী। সকলো ধৰণৰ বাধা-বিপত্তি দূৰ কৰাৰ বাবে গণেশৰ পূজা কৰা হয়। ভগৱান গণেশে সকলোৰে মনোকামনা পূৰণ কৰে।সমগ্ৰ ভাৰতবৰ্ষতে এই উৎসৱ বিশেষভাৱে উদযাপন কৰা হয়। ভাৰতৰ বাহিৰত নেপালত এই উৎসৱ অতি আড়ম্বৰেৰে পালন কৰা হয়।
- Log in to post comments