গণেশ চতুৰ্থীত বাবাক কেনেকৈ পূজা কৰিলে হ'ব সন্তুষ্ট, ঘৰখনত কেনেকৈ আহিব সুখ-সমৃদ্ধি?....

bappa

আজি পবিত্ৰ গণেশ চতুৰ্থী। ভাদ মাহৰ শুক্ল পক্ষৰ চতুৰ্থীত ভগৱান গণেশৰ অৱতাৰ হৈছিল বুলি বিশ্বাস কৰা হয়। আজিৰ দিনটোত সমগ্ৰ দেশতে গণেশ চতুৰ্থী উৎসৱ পালন কৰা হৈছে। ভগৱান গণেশক সকলোৱে বাপ্পা বুলিও কয়। গতিকে, আজি জানো আহক -। গণেশ চতুৰ্থীৰ দিনা কি কি বস্তুটো ঘৰলৈ আনিলে ঘৰখন সুখ-সমৃদ্ধি আৰু সকলো ধৰণৰ বেমাৰ-দুখ নষ্ট হয়। 

গণেশ উৎসৱ ৭ ছেপ্টেম্বৰৰ পৰা আৰম্ভ আৰু ই ১০ দিনলৈ চলিব।। ৭ ছেপ্টেম্বৰত প্ৰতেকে ঘৰত বাপ্পাৰ মূৰ্তি স্থাপন কৰি তেওঁক পূজা অৰ্চনা কৰিব। প্ৰতিমা স্থাপনৰ শুভ সময় পুৱা ০৬:০২ বজাৰ পৰা নিশা ১২:২৩ বজালৈ হ’ব। আজিৰ দিনটোত সৰ্বাৰ্থ সিদ্ধি যোগ আৰু ৰবি যোগো গঠন হৈছে। গণেশ চতুৰ্থীৰ দিনা ঘৰলৈ অনাটো অতি শুভ বুলি গণ্য কৰা কিছুমান বস্তু আছে। ইয়াৰ ফলত ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰাই সুখ আৰু সমৃদ্ধি বৃদ্ধি পায়।

এইবোৰ বস্তু গণেশ চতুৰ্থীৰ দিনা ঘৰলৈ লৈ আনিবঃ
জ্যোতিষীসকলে কয় যে গণেশ চতুৰ্থীৰ দিনা গণেশমুখী শংখ এটা কিনি ঘৰলৈ আনিব লাগে। কাৰণ লক্ষ্মী দেৱী শংখত বাস কৰে। ঘৰত শংখ ৰাখিলে আৰ্থিক সমস্যাৰ সমাধান হ’ব। শংখৰ খোলাত চাউল বা পানী ৰাখিব লাগে। 

গণেশ যন্ত্রঃ
গণেশ চতুৰ্থীৰ দিনা যদি গণেশযন্ত্ৰ আনি পূজাৰ ঘৰত ৰাখিব লাগে, তেতিয়া ঘৰৰ পৰা ঋণাত্মক শক্তি আঁতৰি যায় আৰু সুখ আৰু সমৃদ্ধি বৃদ্ধি পায়।

দুবৰি বণঃ
দুবৰি বণ গণেশৰ অতি প্ৰিয় আৰু ইয়াক পূজা-অৰ্চনাতো আগবঢ়োৱা হয়। শ্ৰী গণেশ চতুৰ্থীৰ দিনা দুবৰি বণক নিজৰ ঘৰৰ নিৰাপদ স্থানত ৰাখক।
 

Category