আহি আছে গণেশ চতুৰ্থী! গণেশ চতুৰ্থীৰ দিনা ভুলতো এইকেইটা কাম নকৰিব, নহ'লে আপোনাৰ জীৱনলৈও আহিব পাৰে অশান্তি........

Ganesh Chaturthi

ভাদ মাহৰ শুক্লপক্ষ চতুৰ্থীত গণেশ চতুৰ্থী পালন কৰা হয়। এই দিনটোতে গণপতি জীক ঘৰলৈ অনা হয়। শুক্লপক্ষ চতুৰ্থীৰ পৰা আৰম্ভ কৰি ১০ দিনলৈ কৰা হয় গণেশৰ পূজা।

Ganesh Chaturthi

জ্যোতিষ শাস্ত্ৰ অনুসৰি গণেশ চতুৰ্থীৰ দিনা ভগৱান গণেশক বহু কিবাকিবি নিবেদন কৰা উচিত নহয়। ইয়াৰ ফলত সংসাৰত ঘোৰ অমংগল নামি আহে।

Ganesh Chaturthi

আনহাতে, এই বছৰ গণেশ চতুৰ্থীৰ পূণ্যলগ্ন আৰম্ভ হ’ব ১৮ ছেপ্টেম্বৰ, ২০২৩ৰ পৰা। এই দিনটোৰ পৰাই আৰম্ভ হ’ব গণেশৰ আৰাধনা। গণেশ চতুৰ্থীৰ দিনা ভগৱান গণেশক প্ৰসন্ন কৰাৰ বাবে কিছু নিয়মো মানি চলা প্ৰয়োজন। কিন্তু বহু সময়ত ভগৱান গণেশক নিবেদন কৰাৰ সময়ত কি দিব আৰু কি নিদিব তাক লৈ ভুল হয়। কিন্তু পূজাৰ আগত সেয়া জানি লোৱাটো খুবেই প্ৰয়োজন। 

Ganesh Chaturthi

বিখ্যাত জ্যোতিষী পণ্ডিত কল্কি ৰামৰ মতে, সঠিক আৰু নিৰ্ভুল পদ্ধতিৰে ভগৱান গণেশৰ পূজা কৰিলে ভক্তৰ সকলো ধৰণৰ কষ্ট দূৰ হয়। কিন্তু জ্যোতিষ শাস্ত্ৰ অনুসৰি গণেশ চতুৰ্থীৰ দিনা ভগৱান গণেশক বহু কিবাকিবি নিবেদন কৰা উচিত নহয়। ইয়াৰ ফলত সংসাৰত ঘোৰ অমংগল নামি আহে।

Ganesh Chaturthi

সেই নিয়মসমূহ হৈছে - 

১. সনাতন ধৰ্মত তুলসীৰ বিশেষ গুৰুত্ব আছে। গণেশ চতুৰ্থীৰ দিনা গণেশ পূজা কৰাৰ সময়ত ভুলতো তুলসী পাত নিবেদন নকৰিব। ইয়াৰ ফলত ৰুষ্ট হয় গণপতি। 

২. গণপতি বাবাক নিবেদন কৰাৰ সময়ত মনত ৰখা প্ৰয়োজন যে গণেশৰ পূজাৰ সময়ত কেতিয়াও ভঙা চাউল দিয়া উচিত নহয়। ইয়াৰ ফলত অসন্তুষ্ট হয় গণেশ।

৩. গণেশ চতুৰ্থীৰ দিনা গণপতিৰ পূজাৰ সময়ত এই ফুলবোৰ ভুলতো অৰ্পণ নকৰিব। বিশ্বাস অনুসৰি, ভগৱান শিৱক কোনো ফুল নিবেদন কৰা নহয়। সেয়ে ভগৱান গণেশৰ পূজাৰ সময়ত কেৱল বগা ফুল, বগা কাপোৰ, বগা পৱিত্ৰ সূতা, বগা চন্দন, ব্যৱহাৰ কৰক।

Category