cm assam

পোহৰৰ উৎসৱ দীপাৱলীৰ শুভক্ষণত ভাল খবৰ দিলে মুখ্যমন্ত্ৰীয়ে।  ৰাজ্যিক বিষয়া আৰু কৰ্মচাৰী তথা সৰ্বভাৰতীয় সেৱাৰ বিষয়াসকলৰ মৰগীয়া ব'নাচ ৪ শতাংশ বৃদ্ধিৰ কৰাৰ কথা ঘোষণা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ৷ 
এই বৃদ্ধি ২০২২ বৰ্ষৰ পহিলা জুলাইৰ পৰা কাৰ্যকৰী হ'ব আৰু চলিত মাহৰ দৰমহাৰ সৈতে বিষয়া-কৰ্মচাৰীসকলে এই বৰ্দ্ধিত মৰগীয়া ব'নাচ লাভ কৰিব ৷ ইয়ে উৎসৱৰ এই সময়চোৱা অধিক আনন্দমধুৰ কৰি তুলিব বুলি আশা প্ৰকাশ মুখ্যমন্ত্ৰীৰ ৷

এই ঘোষণাৰ লগতে মুখ্যমন্ত্ৰীয়ে ৰাজ্যবাসীলৈ দীপান্বিতা তথা কালী পূজাৰ আন্তৰিক শুভেচ্ছাও জ্ঞাপন কৰিছে।