Golaghat Incident

খুঁটাত বান্ধি থোৱা হৈছে এজন যুৱকক। নিজ মাতৃক আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰা পাছত পিতৃয়ে বান্ধি থ’লে পুত্ৰক।

গোলাঘাটৰ ধনশিৰি পাৰঘাটৰ মুন্না তুৰী নামৰ যুৱকজনে মঙলবাৰে পুৱাই নিজ মাতৃ মীনা তুৰীক হাতত চোকা অস্ত্ৰৰে আক্ৰমণ কৰাত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হয় মীনা তুৰী ৷

কেৱল ভাঙৰ নিচাত মতলীয়া হৈ থকা মুন্নাক মাতৃয়ে এইবোৰৰ পৰা বিৰত থাকিবলৈ কোৱা কথাই কাল হ’ল এইগৰাকী মাতৃৰ বাবে৷ আনহাতে পুত্ৰই চোকা অস্ত্ৰই আক্ৰমণ কৰাৰ পিছত মাতৃক ততাতৈয়াকৈ গোলাঘাটৰ শ্বহীদ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।