Operation Meghdoot

সুদীৰ্ঘ ৩৮ বছৰ পিছত সন্ধান ওলাল ভাৰতীয় সেনা জোৱানৰ। ছিয়াচেনৰ এটা পুৰণি বাংকাৰত উদ্ধাৰ হয় সেনা জোৱান জনৰ মৃতদেহ। দেওবাৰে ৰাণিখেতৰ সৈনিক গোট কেন্দ্ৰই মৃতদেহটো কুমাউ ৰেজিমেণ্টৰ জোৱান চন্দ্ৰশেখৰ হাৰ্বুলাৰ বুলি চিনাক্ত কৰে।

১৯৮৪ চনত পাকিস্তানৰ বিৰুদ্ধে হোৱা যুঁজ ‘অপাৰেচন মেঘদুত’ৰ বাবে প্ৰেৰণ কৰা হৈছিল জোৱান চন্দ্ৰশেখৰ হাৰ্বুলাক। আৰু তেতিয়াৰ পৰাই সন্ধানহীন হৈ আছিল জোৱানজন।