CWG Race Walk

কমনৱেলথৰ ইতিহাসত ঐতিহাসিক ৰূপৰ পদক জয় কৰি ভাৰতলৈ গৌৰৱ কঢ়িয়ালে এথলিট প্ৰিয়ংকা গোস্বামীয়ে।

শনিবাৰে অনুষ্ঠিত হোৱা ১০ হাজাৰ মিটাৰ ৰেচ-ৱাকত ৰূৰ পদক জয়লাভ কৰি এই খেলত পদক লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় খেলুৱৈ হিচাপে পৰিগণিত হয় প্ৰিয়ংকাই। বাৰ্মিংহামত চলি থকা কমনৱেলথত দেশক ২৭ সংখ্যক পদক উপহাৰ দিয়াৰ উপৰিও প্ৰিয়ংকাই ব্যক্তিগত অভিলেখ গঢ়িবলৈ সক্ষম হয়। এথলিটগৰাকীয়ে ৪৯.৩৮ মিনিটত এই দৌৰ সম্পূৰ্ণ কৰে।

তেজস্বী প্ৰকাশ, মুৰলী শ্ৰীশংকৰৰ পাছতেই ট্ৰেক এণ্ড ফিল্ডত পদক লাভ কৰা তৃতীয়গৰাকী ভাৰতীয় এথলিট হৈছে প্ৰিয়ংকা।