CWG 2022

প্ৰতিটো মাইক্ৰ চেকেণ্ডৰ মূল্য বহুত বেছি ! হিমাক কমনৱেলথ গেমছে শিকালে সময়ৰ মূল্য কি ৷ কমনৱেলথ গেমছত অংশ গ্ৰহণ কৰা অৰ্জুন হিমা দাসে গুৱাহাটীত উপস্থিত হৈ সম্বোধন কৰে সংবাদমেল। কমনৱেলথ গেমছৰ অভিজ্ঞতা প্ৰকাশ হিমা দাসৰ।

আঘাট, কভিদৰ ভয়াবহ পৰিবেশৰ দুটা বছৰৰ পিছত খেলিছে হিমা দাসে ৷ কমনৱেলথত ফাইনেল পাবলৈ সক্ষম নহ’ল যদিও অভিজ্ঞতা বহুত হ’ল হিমাৰ। ৰিলেত ৫ নম্বৰ স্থানত আছিল হিমাৰ দল। হিমাৰ বাবে প্ৰতিখন খেলেই গুৰুত্বপূৰ্ণ ৷ হিমাৰ বাবে জিলা ভিত্তিক খেলখনো অলিম্পিকৰ দৰেই গুৰুত্বপূৰ্ণ ৷