ZG Health Issue

হঠাৎ অসুস্থ  জুবিন গাৰ্গ, ডিব্ৰুগড় সঞ্জীৱনী হাস্পতালত ভৰ্তি জুবিন

বাথৰুমত পিছলি পৰি মূৰত আঘাত পাই আহত জুবিন গাৰ্গ৷ মুৰৰ পিছ অংশত আঘাতপ্ৰাপ্ত হৈ ৰক্তক্ষয় হয় জুবিনৰ৷ বৰ্তমান ডিব্ৰুগড় সঞ্জীৱনী হাস্পতালত বিশেষ চিকিৎসকৰ দলে চিকিৎসা প্ৰদান কৰিছে জুবিনক৷ মূৰত প্ৰায় ৫ টাকৈ চিলাই পৰিছে জুবিনৰ৷ ডিব্ৰুগড়ৰ মনোহাৰী ৰিজৰ্টত সংঘটিত হয় এই ঘটনা৷