America Latest

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ইলিনইচ চহৰৰ হাইলেণ্ড পাৰ্কত পেৰেডত অংশগ্ৰহণ কৰা লোকসকলৰ ওপৰত গুলীচালনা কৰে দুৰ্বৃত্তই। বৰ্তমানলৈকে, পাঁচজন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। গুলীবিদ্ধ হৈ ১৬ জন লোক আহত।

৪ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰত স্বাধীনতা দিৱস পালন কৰা হয়। এই সময়ছোৱাতে ঠাইভেদে পেৰেড অনুষ্ঠিত কৰা হৈছিল। পেৰেডৰ সময়তে দুৰ্বৃত্তই এখন ছাদৰ পৰা গুলীচালনা কৰিছিল। দুৰ্বৃত্তই এখন দোকানৰ চালত উঠি তাৰ পৰা গুলীচালনা কৰিছিল। ঘটনাটোত কেইবাজনো লোক হতাহত হোৱাৰ খবৰ পোৱা গৈছে।