পঞ্চভূতত বিলীন হ’ল পদ্মশ্ৰী গীতা উপাধ্যায় বুধবাৰে তেজপুৰ হাৰিগাওঁ ৰাজহুৱা শ্মশানত ৰাজ্যিক মৰ্যাদাৰে সম্পন্ন কৰা হয়৷
ৰাজ্য চৰকাৰৰ হৈ শোণিতপুৰ জিলাৰ আয়ুক্ত আনন্দ কুমাৰ দাস, উত্তৰ অসম আৰক্ষীৰ মহাপৰিদৰ্শক প্ৰশান্ত সাগৰ চাংমাই আৰু শোণিতপুৰ জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থই শেষ শ্ৰদ্ধা জ্ঞাপন কৰে৷
গীতা উপাধ্যায়ৰ ভতিজা দিৱাকৰ উপাধ্যায়ে মুখাগ্নি কৰে সাহিত্যিক গৰাকীৰ নশ্বৰ দেহ৷
শ্মাশানতেই বিভিন্ন দল-সংগঠন আৰু ৰাইজে সাহিত্যিক গৰাকী আত্মাৰ সদগতি কামনা কৰি এক শোকসভা অনুষ্ঠিত কৰে৷
Category
- Log in to post comments