Kaziranga Flood

বানপানীৰ কৱলত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান, ওখ ঠাই বিচাৰি বন্য প্ৰাণীৰ হাহাকাৰ। 

অসমত বিগত কেইবাদিন ধৰি হৈ থকা প্ৰবল বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বিপদ সীমাৰ ওপৰেৰে ক্ৰমাগতভাৱে বৈ আছে আৰু ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ৭০ শতাংশতকৈও অধিক অঞ্চল বুৰাই পেলাইছে।

আজি পুৱাৰ ভাগত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ মাজেৰে পাৰ হৈ যোৱা দ্ৰুতবেগী বাহনৰ খুন্দাত তিনিটা হগ হৰিণ আৰু এটা নাহৰফুটুকী মৃত্যু হয়।

উচ্চ ভূমিৰ সন্ধানত বা কাৰ্বি আংলঙৰ পাহাৰলৈ আশ্ৰয় ল'বলৈ ৰাষ্ট্ৰীয় ঘাইপথ ৩৬ অতিক্ৰম কৰিছিল জন্তুকেইটাই।