Assam HSLC Result

সাজু হওক অসমবাসী। মে' মাহৰ ভিতৰতে ফলাফল ঘোষণা হব মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰীৰ। শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে কৰিলে এই ঘোষণা। বহিঃৰাজ্যৰ শিক্ষক নিযুক্তি সন্দৰ্ভতো মন্তব্য শিক্ষামন্ত্ৰীৰ। ৰণোজ পেগুৱে কয়- "শিক্ষক নিযুক্তিত কোনো বহি ৰাজ্যৰ প্ৰাৰ্থী নাই। মই শিক্ষা মন্ত্ৰী হিচাপে অসমৰ ৰাইজক নিশ্চিতি দিছো।" শিক্ষক শিক্ষয়িত্ৰীৰ সাজ পাৰ মাৰ্জিত কৰাৰ ওপৰতো মন্তব্য। তেখেতে কয়- "ছাত্ৰৰ যিহেতু ঐক্যসাঁজ আছে গতিকে শৃংখলা ৰক্ষাৰ বাবেই শিক্ষক আৰু কৰ্মচাৰীৰ এক মাৰ্জিত পোছাকৰ ক্ষেত্ৰত এই সিদ্ধান্ত লোৱা হৈছে।"