Titabor Police

তিতাবৰ আৰক্ষীয়ে দেওবাৰে তেলিয়াপতি এলেকাৰ পৰা এটা গঁড়ৰ খৰ্গসহ দুজনলোকক চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে।

গঁড়ৰ খৰ্গ অনা চোৰাং ব্যৱসায়ী দুজন আজিজুল ৰহমান আৰু ৰাজেন বাউৰী বুলি চিনাক্ত কৰা হৈছে।

গোপন সূত্ৰৰ পমখেদি তিতাবৰ মহকুমা আৰক্ষী বিষয়া (এছডিপিঅ') মইত্ৰয়ী ডেকাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে দুয়োকে গ্ৰেপ্তাৰ কৰে, উল্লেখ্য় যে, তেওঁলোকে ৭০০ গ্ৰাম ওজনৰ গঁড়ৰ শিঙটো প্ৰায় ১.৫ কোটি টকাত বিক্ৰী কৰিবলৈ তিতাবৰলৈ আহি আছিল।