Gossaigaon Police Station

ডাইনী চিকাৰৰ সন্দেহজনক ঘটনাত, অঞ্জলি মুৰ্মু নামৰ এগৰাকী ৪৫বছৰীয়া বিবাহিত মহিলাক ২০২২চনৰ ৭মে'ত চাৰিজন পুৰুষে হত্যা কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ঘটনাটো কোকৰাঝাৰ জিলাৰ গোসাইগাঁও আৰক্ষী থানাৰ অন্তৰ্গত মোহনপুৰ গাঁৱত সংঘটিত হয় ।

বাতৰি অনুসৰি, মহিলাগৰাকীক চাৰিজন গাওঁবাসীয়ে তেওঁৰ ঘৰৰ পৰা টানি নি অতি নিৰ্মমভাৱে আক্ৰমণ কৰে। আৰু তাৰপিছত এটা অজ্ঞাত স্থানলৈ লৈ যায়।

ইয়াৰ পিছতে মহিলাগৰাকীৰ স্বামীয়ে বিষয়টো গাওঁৰ মুৰব্বী কন্দন কিস্কুকক অৱগত কৰে আৰু সেই অনুসৰি, গাওঁৰ মুৰব্বীয়ে ঘটনাটোৰ বিষয়ে গোসাইগাঁও আৰক্ষীক জনায়।