আজি জনতা ভৱনত ড° হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ কেবিনেট বৈঠক অনুষ্ঠিত হয়।
কেবিনেট বৈঠকৰ প্ৰথম বৰ্ষপূৰ্তিৰ শেষৰখন কেবিনেটত লোৱা হয় কেইবাটাও সিদ্ধান্ত। কেবিনেটত গ্ৰহণ কৰা সিদ্ধান্তক লৈ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই সংবাদমেল সম্বোধন কৰে।
কেবিনেটত লোৱা সিদ্ধান্তসমূহ হৈছে-
◼ শুৱালকুছি আৰু পলাশবাৰীৰ মাজত নিৰ্মাণ হ'বলগীয়া দলঙৰ বাবে দিয়া হব ৩১,১৯৭ কোটি টকা অনুমোদন ৷ এই দলং ৪.০৮ কিলোমিটাৰৰ আৰু চাৰিলেন যুক্ত হব।
◼ গুৱাহাটী গেটৱে ঘাটৰ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ২৮৯:৪৫ কোটি টকা দিয়া হব অনুমোদন ৷