Tweet

আটক হ'ল গুজৰাটৰ ভদগাম সমষ্টিৰ কংগ্ৰেছ বিধায়ক জিগনেছ মেৱানী। পালানপুৰ আৱৰ্ত ভৱনৰ পৰা অসম আৰক্ষীয়ে আটক কৰে দলিত বিধায়কগৰাকীক।

নিশা ১১.৩০ বজাত আটক কৰি মেৱানীক আহমেদাবাদলৈ লৈ যায় আৰক্ষীয়ে। আজি অসমলৈ অনা হ’ব জিগনেছ মেৱানীক।

উল্লেখ্য যে, প্ৰধানমন্ত্ৰী সন্দৰ্ভত বিকৃত মন্তব্যৰে টুইট কৰা বাবে কোকৰাঝাৰৰ বিজেপি নেতা অৰূপ দে’ৰ গোচৰত আটক কৰা হৈছে জিগনেছক। ১৯ এপ্ৰিলত কোকৰাঝাৰত ৰুজু হৈছিল গোচৰ।