NDFB

দুঃসহ স্মৃতি আৰু ১৪ টা বছৰ। অসমে কেতিয়াও পাহৰিব নোৱাৰা এটা ক’লা দিন। এক ভয়ংকৰ বোমা বিস্ফোৰণত কঁপিছিল অসম। নিৰীহৰ তেজেৰে ফাঁকু খেলিছিল NDFBয়ে। ২০০৮ চনৰ ৰাজ্য কঁপোৱা সেই ধাৰাবাহিক বোমা বিস্ফোৰণে পাৰ কৰিলে ১৪ টা বছৰ। ২০০৮ চনৰ আজিৰ এই দিনটোতে অসমৰ চাৰি ঠাইত উগ্ৰপন্থীয়ে বোমা বিস্ফোৰণ কৰিছিল। NDFB বাহিনীয়ে অভিশপ্ত এই দিনটোতে খেলিছিল তেজৰ ফাঁকু। এই বোমা বিস্ফোৰণত বহুতো নিৰীহই প্ৰাণ হেৰুৱাৰ লগতে একাংশৰ জীৱনলৈ কঢ়িয়াই আনিছিল পঙ্গুত্ব। বিগত ১৪ টা বছৰে অভিশপ্ত দিনটোত প্ৰাণ হেৰুৱা নিৰীহৰ পৰিয়ালে আজিও বুকুত কঢ়িয়াই ফুৰিছে দুঃসহ সেই স্মৃতি। সেই ভয়াবহ বিস্ফোৰণে কালনিশা নমাই অনা পৰিয়াল কেইটিৰ চকুত আজিও বৈ আ