ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড দিয়াৰ সিদ্ধান্তৰ বিৰোধিতা প্ৰমোদ বড়োৰ

Ranjan Daimary

অভিশপ্ত ৩০ অক্টোবৰৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ মূল অভিযুক্ত ৰঞ্জন দৈমাৰীক যাৱজ্জীৱন কাৰাদণ্ড ৷ 

আজি গুৱাহাটী মহামান্য উচ্চ ন্যায়ালয়ে যাৱজ্জীৱন কাৰাদণ্ড বিহা ৰায়দানে বিটিআৰত তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ বিটিআৰ প্ৰধান প্ৰমোদ বড়োয়ে দৈমাৰীৰ ৰায়দানকলৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়, আমি আশা কৰিছিলো এটা যোগাত্মক খবৰ আহিব ৷

যিহেতু এটা শান্তি প্ৰক্ৰিয়াত জড়িত হৈছিল ৰঞ্জন দৈমাৰী ৷ এইক্ষেত্ৰত মহামান্য আদালতৰ শাস্তিৰ ৰায়কলৈ অসম চৰকাৰৰ সতে কথা পাতিব ৷ আমি বিচাৰো ৰঞ্জন দৈমাৰী মুকলি আকাশৰ তলত আহক আৰু সমাজৰ লগত থাকি কাম কৰক ৷ ইয়াৰ বাবে শান্তি চুক্তি স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীক মুকলি আকাশৰ তলত অনাৰ বাবে অসম চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ সতে আলোচনা কৰিব বিটিআৰৰ প্ৰমোদ বড়োয়ে ৷

গুৱাহাটী উচ্চ ন্যায়ালয়ে দিয়া ৰায়দানত অত্যন্ত দুখ পোৱা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বিটিআৰ কাৰ্যবাহী সদস্য EM তথা প্ৰাক্তন এনডিএফবি(এচ)ৰ নেতা ৰঞ্জিত বসুমতাৰী ওৰফে বি আৰ ফেৰেংগাই ৷ বিষয়টোক লৈ BTR চৰকাৰৰ তৰফৰ পৰা বিবেচনা কৰা হ’ব বুলি মন্তব্য ৰঞ্জিত বসুমতাৰীৰ।

Category
Profile picture for user UB Photos