Disease

পৃথিৱীৰ বাবেই এক ডাঙৰ ভাবুকিস্বৰূপ কৰ্কট ৰোগ প্ৰতিৰোধৰ বাবে চিকিৎসা বিজ্ঞানেও প্ৰতিদিনে ন ন চিন্তাৰ উদ্ভৱ কৰি আছে। তাৰ মাজতে এনে এক ঔষধ পৰীক্ষণ কৰা হৈছে যিয়ে প্ৰতিজন ৰোগীয়ে কৰ্কট ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ সক্ষম হৈছে।

মলদ্বাৰত হোৱা কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে ঔষধ এটাৰ প্ৰাৰম্ভিক পৰীক্ষণত অন্তৰ্ভুক্ত কৰা ১৮ জন প্ৰায় ছয় মাহৰ বাবে ডষ্টাৰলিমাব (Dostarlimab) নামৰ ঔষধ গ্ৰহণ কৰিছিল আৰু অৱশেষত, তেওঁলোকৰ প্ৰত্যেকৰে টিউমাৰ নাইকিয়া হোৱা দেখিবলৈ পোৱা গৈছিল। ইতিহাসত প্ৰথমবাৰলৈ ঘটিল এই ঘটনা।