Women's Day 2022

আজি আন্তৰ্জাতিক নাৰী দিৱস ৷ নাৰী দিৱসৰ দিনাই CITUৰ সহযোগত প্ৰতিবাদত নামিল অংগনবাড়ী কৰ্মী আৰু সহায়িকা।

উল্লেখ্য় যে, অঙ্গনবাড়ী কৰ্মীৰ বিভিন্ন দাবী ৰূপায়ণ কৰাৰ উদ্দেশ্যে নলবাৰী চহৰৰ CITUৰ কাৰ্য্যালয়ৰ পৰা চক্ৰ বিষয়াৰ কাৰ্যালয় হৈ বড়ো মহজিদ হৈ নলবাৰী জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ সন্মুখলৈ প্ৰতিবাদ সাব্যস্ত কৰে।

মহিলাসকলক ৮ মাৰ্চত বিশেষ চুটিৰ ব্যৱস্থা, কৰ্মক্ষেত্ৰত মহিলাৰ সুৰক্ষা সুনিশ্চিত কৰাৰ দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰি উপায়ুক্তৰ জৰিয়তে স্মাৰক প্ৰত্ৰ প্ৰদান কৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ।