Fraud case

বিপদে লগ নেৰা হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ক। এইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ নামত ভুৱা একাউণ্ট খুলিলে দুষ্টচক্ৰই। উপাচাৰ্য প্ৰতাপজ্যোতি সন্দিকৈৰ নামত ভূৱা হোৱাটচ্ আপ একাউণ্ট খুলি বিভিন্নজনক ধনদাবী কৰে  এটা দুষ্টচক্ৰই। বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড৹ অনুপজ্যোতি শইকীয়াক উপাচাৰ্যৰ নামত ধন দাবী কৰে প্ৰৱঞ্চকৰ দলটোৱে।