বিশালৰ 'বিশাল' সম্পত্তি আঁৰৰ কাহিনী কি? ক'ত বিশালে বিচাৰি পাইছিল আলাদিনৰ সেই যাদুকৰি চাকি? আৰক্ষীৰ তদন্তত বহু ৰহস্য ফাদিল....

Bishal Phukan

ষ্টক মাৰ্কেটত শ শ কোটি টকা বিনিয়োগ কৰি অৱশেষত ৰঙাঘৰৰ আলহি হ'ল প্ৰৱঞ্চক বিশাল ফুকন। ৪ ঘণ্টাজোৰা তদন্তৰ অন্তত ডিব্ৰুগড় আৰক্ষীয়ে ডিব্ৰুগড়ৰ প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ পৰা আটক কৰে বিশালক। বিশাল থকা প্ৰৱাঞ্জলী এপাৰ্টমেণ্টৰ ৫০৩ নম্বৰ ফ্লেটত এতিয়াও আৰক্ষীয়ে চলাই আছে অভিযান।

মাত্ৰ ২২ বছৰ বয়সতে শ শ কোটি টকাৰ গৰাকী হৈছিল বিশাল ফুকন। ডি বি ষ্টক ব্ৰকিঙৰ ৪ হাজাৰ কোটি টকাৰ কেলেংকাৰীৰ মাজতে চৰ্চালৈ আহিছিল ডিব্ৰুগড়ৰ প্ৰবঞ্চক বিশাল ফুকনৰ নাম।  

ষ্টক মাৰ্কেটৰ জৰিয়তে ধন বিনিয়োগ কৰি দুগুণ লাভ দিয়াৰ প্ৰতিশ্ৰুতিৰে সংগ্ৰহ কৰিছিল কোটি কোটি টকা। শ্বেয়াৰ বজাৰত বিনিয়োগৰ বাবে ধন লোৱাৰ পূৰ্বে ৭ দফীয়া এখন চুক্তি কৰে তেওঁ। ন’টাৰীৰ যোগেদি সম্পন্ন কৰা চুক্তিত ৬০ দিনৰ ভিতৰত ৩০ শতাংশ লাভৰ গেৰাণ্টী দিছিল বিশাল ফুকনে। 

তিনিটা কোম্পানীৰ মালিক আছিল বিশাল ফুকন। লগতে, অসমীয়া সাংস্কৃতিক জগতৰ বহু জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ সৈতে অতি ঘনিষ্ঠ সম্পৰ্ক।

Category