Ulubari

গুৱাহাটীত পেয়িং গেষ্টত বহিৰাজ্যৰ যুৱতীৰ ৰহস্য জনক মৃত্যু। উলুবাৰীৰ হৰবালা পথত সন্ধিয়া ৫ বজাত এই ঘটনা।

জানিব পৰা মতে, PGটোৰ বাথৰোমত উদ্ধাৰ হয় যুৱতী গৰাকীৰ মৃতদেহ। যুৱতী গৰাকীৰ নাম সৰ্মিতা ঘোষ,যুৱতী গৰাকীৰ ঘৰ ৱেষ্টবেংগলৰ আলিপুৰ দুৱাৰত।

যুৱতী গৰাকীৰ বয়স আনুমানিক ২১ বছৰ। যুৱতী গৰাকীয়ে গুৱাহাটীত নাৰ্চিং কৰি আছিল বুলি জানিব পৰা গৈছে।

আনহাতে, পল্টনবজাৰ আৰক্ষীয়ে উদ্ধাৰ কৰে যুৱতীগৰাকীৰ মৃতদেহ, প্ৰাথমিক অৱস্থাত যুৱতী গৰাকীয়ে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে।