Nature Lover

এজন যুৱকৰ এক অকলশৰীয়া দুঃসাহসিক যাত্ৰা। দক্ষিণ ভাৰতৰ পৰা খোজকাঢ়ি অসম পালেহি এজন সাহসী যুৱক। ২০৮ দিন খোজকাঢ়ি বিশ্বনাথত উপস্থিত হোৱা ২৩ বছৰীয়া যুৱকজনে লগত লৈ আহিছে Save Nature, Save Treesৰ বতৰা।

যুৱকজনৰ সম্বল বুলিবলৈ পিঠিত আছে এটা বেগ, হাতত ম’বাইল ফোন। পিঠিত লৈ থকা বেগত জিলিকি আছে তিনিবৰণীয়া ৰাষ্ট্ৰীয় পতাকা। হায়দৰাবাদৰ তেলেংগানাৰ পৰা অসমত আহি উপস্থিত হোৱা যুৱকজন হৈছে শ্ৰীকান্ত কল্যাণ। ২৩ বছৰীয়া যুৱকজনে এককভাৱে দেশৰ ২৫ খন ৰাজ্য ইতিমধ্যে খোজকাঢ়ি উপস্থিত হৈছেহি বিশ্বনাথত। যাত্ৰাপথত সকলোকে প্ৰকৃতি সুৰক্ষিত কৰি ৰখাৰ বাৰ্তা প্ৰেৰণ কৰিছে শ্ৰীকান্তে।