passes away

ছাহাৰা গ্ৰুপৰ মুৰব্বীৰ দেহাৱসান!

৭৫ বছৰ বয়সত মৃত্যু ঘটে ছাহাৰা গ্ৰুপৰ মুৰব্বী সুব্রত ৰয়ৰ

দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকাৰ পিছত মঙলবাৰে হৃদযন্ত্ৰৰ শ্বাস-প্রশ্বাস বন্ধ হৈ পৰাৰ বাবে ছাহাৰা গ্ৰুপৰ মুৰব্বীগৰাকীৰ মৃত্যু

জানিবলৈ পোৱা অনুসৰি ৰয়ৰ স্বাস্থ্যৰ অৱনতি ঘটাত তেওঁক মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতাল এণ্ড মেডিকেল ৰিচাৰ্চ ইনষ্টিটিউটত ভৰ্তি কৰোৱা হয়

দুৰাৰোগ্য মেটাষ্টেটিক মেলিগনেন্সি, উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ আদিৰ দৰে জটিল ৰোগৰ সৈতে দীৰ্ঘদিন ধৰি যুঁজি আছিল ৰয়ে

নিশা ১০:৩০ বজাত হৃদযন্ত্ৰৰ শ্বাস-প্রশ্বাস বন্ধ হৈ চিকিৎসালয়ত মৃত্যু হয় ৰয়ৰ