Uzan Bazaar

প্ৰতিবছৰৰ দৰে এইবছৰো ৰাজ্যৰ মুখ্যমন্ত্ৰীক দিলে ভোগালী বিহু উপলক্ষে এটা প্ৰকাণ্ড মাছ উপহাৰ।

বৃহত্তৰ উজানবজাৰ নিবনুৱা মৎস্য ব্যৱসায়ী সন্থাই মুখ্যমন্ত্ৰীক ভোগালী বিহু উপলক্ষে ১০ কিলোগ্ৰাম ওজনৰ এটা চিতল মাছ উপহাৰ দিয়ে।

আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰী বাসগৃহত ব্যৱসায়ী সন্থাই মুখ্যমন্ত্ৰীৰ হাতত উৰুকাৰ উপহাৰৰূপে প্ৰদান কৰে প্ৰায় ১০ কিলোগ্ৰাম ওজনৰ চিতল মাছ এটা। ব্যৱসায়ী সন্থাই প্ৰদান কৰা মাছটো গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে আনন্দ প্ৰকাশ কৰে লগতে সন্থাৰ বিষয়ববীয়াসকলক ধন্যবাদ জ্ঞাপন কৰে ৷