Vaccine for children

সমগ্ৰ বিশ্বতে বৃদ্ধি পাইছে অ’মিক্ৰণৰ সংক্ৰমণ। অ’মিক্ৰণক ৰোধিবৰ বাবে ভাৰততো লোৱা হৈছে সতৰ্কতামূলক ব্যৱস্থা। শনিবাৰে নিশা দেশবাসীক সম্বোধন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ। দেশবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান মোদীৰ।

দেশবাশীক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে কৰে তিনিটা বিশেষ ঘোষণা। তেখেতে শিশুসকলক ভেকচিন প্ৰদান কৰাৰ ওপৰতো মন্তব্য কৰে। শীঘ্ৰেই দেশৰ ১৫-১৮ বছৰৰ শিশুসকলক প্ৰদান কৰা হ’ব ভেকচিন। অহা ৩ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব ভেকচিন প্ৰদান প্ৰক্ৰিয়া।