Gulmarg

বৰফৰ শুকুলা আচ্ছাদনে আৱৰিছে জম্মু-কাশ্মীৰ। বৰফাবৃত জম্মু-কাশ্মীৰৰ বিভিন্ন ঠাইসমূহ দৰ্শন কৰাৰ বাবে উপস্থিত হৈছে বহু দেশী-বিদেশী পৰ্যটক। জম্মু-কাশ্মীৰলৈ গৈ পৰ্যটকসকলে প্ৰাকৃতিক সৌন্দৰ্য্য উপভোগ কৰাৰ সময়তে শুকুৰবাৰে সংঘটিত হয় এক অঘটন।

শুকুৰবাৰে বিয়লি উত্তৰ কাশ্মীৰৰ বাৰামুল্লা জিলাত ৰাস্তাৰ পৰা দাঁতিত বাগৰি পৰে এখন বাহন। JK05D 2892 নম্বৰৰ বাহনখনে গুলমাৰ্গলৈ গৈ থকাৰ সময়তে সংঘটিত হয় এই ঘটনা। পাহাৰীয়া ৰাস্তাইদি যাওঁতেই ৰাস্তাত পৰি থকা বৰফত পিচলি ৰাস্তাৰ দাঁতিত পৰেগৈ পৰ্যটক কঢ়িয়াই নিয়া বাহনখন।