Heavy Snowfall

ভাৰতীয় সেনাই বুধবাৰে উত্তৰ ছিকিমৰ লাচুঙত প্ৰচণ্ড তুষাৰপাতত আৱদ্ধ হৈ থকা কমেও ৩০০ পৰ্যটকক উদ্ধাৰ কৰে।

উদ্ধাৰ কৰা সকলো পৰ্যটকক লগে লগে চিকিৎসা আৰু গৰম খাদ্য প্ৰদান কৰে সেনাই।

টুইটাৰযোগে ইষ্টাৰ্ণ কমাণ্ড ইণ্ডিয়ান আৰ্মীয়ে লিখে, "উত্তৰ ছিকিমৰ লাচুঙত হোৱা প্ৰচণ্ড তুষাৰপাতত আৱদ্ধ হৈ থকা ৩০০ পৰ্যটকক ভাৰতীয় সেনাই সহায় কৰে। পৰ্যটকসকলক পথ মুকলি, চিকিৎসা সহায় আৰু গৰম আহাৰৰ জৰিয়তে সহায় কৰা হয়।"