New Zealand

নিউজিলেণ্ডত প্ৰৱাসী অসমীয়া ৰঙালী বিহু উদযাপন।

কৰ্মসূত্ৰ সাত সাগৰ তেৰ নদীৰ সিপাৰে নিউজিলেণ্ডত থকা প্ৰৱাসী অসমীয়াই উলহ-মালহেৰে পালন কৰিলে হেপাহৰ ৰঙালী বিহু ৷

আদৰণি ভাষণেৰে ৰঙালী বিহুৰ কাৰ্যসূচী শুভাৰম্ভ কৰে অসম ছ’চাইটী অফ নিউজিলেণ্ডৰ সভাপতি ড° নাছিৰ আহমেদে ৷

ৰঙালী বিহুৰ বাৰে ৰহণীয়া সাংস্কৃতিক অনুষ্ঠানত বিহু নৃত্যৰ লগতে নামঘোষা, বৰগীত, ভোৰতাল নৃত্য, সত্ৰীয়া নৃত্যৰ লগতে অসমৰ লোকগীত আৰু ভূপেন হাজৰীকাৰ গীতে মোহাচ্ছন্ন কৰে বিহু বাকৰিত উপস্থিত নিউজীলেণ্ডবাসীক ৷

ৰঙালী বিহুৰ লগত সংগতি ৰাখি ‘কুঁহিপাত’ নামৰ এখনি স্মৃতিগ্ৰন্থও প্ৰকাশ কৰা হয় ৷