Lachit Barphukan

অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বুধবাৰে কিংবদন্তি আহোম সেনাপতি বীৰ লাচিত বৰফুকনৰ জন্ম জয়ন্তীত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

মুখ্যমন্ত্ৰীয়ে টুইট যোগে কয়, "#LachitDiwas উপলক্ষে মহান আহোম সেনাপতি লাচিত বৰফুকনক মই শ্ৰদ্ধাৰে নমস্কাৰ জনাইছো। এজন শক্তিশালী নেতা আৰু সাহসিকতাৰ প্ৰতীক, বীৰ লাচিত বৰফুকনৰ বীৰত্বই প্ৰজন্মক তেওঁলোকৰ মাতৃভূমিৰ গৌৰৱ আৰু সাৰ্বভৌমত্বৰ বাবে যুঁজিবলৈ অনুপ্ৰাণিত কৰি থাকিব।"