Narendra Nath Talukdar

নিষ্ঠুৰ নিয়তিৰ ওচৰত হাৰ মানি ইহলোকলৈ গমন কৰিলে গুৱাহাটীৰ গণেশগুৰিৰ দেৱদাৰু পথৰ নিবাসী, সমাজসেৱক নৰেন্দ্ৰ নাথ তালুকদাৰে। 

১৯৫৮ চনৰ ২২ আগষ্টত জন্মলাভ কৰা নৰেন্দ্ৰনাথ তালুকদাৰে আজি বিয়লি শেষ নিশ্বাস ত্যাগ কৰে।  তেখেতে বিগত প্ৰায় ১৫ দিন ধৰি নেমকেয়াৰ হাস্পতালত চিকিৎসাধীন হৈ আছিল। জটিল ৰোগত আক্ৰান্ত তালুকদাৰ আছিল বিজেপিৰ এজন নিষ্ঠাবান কৰ্মী তথা সৰবৰহী ব্যক্তি। জীৱন কালত সমাজসেৱাৰ সৈতে জড়িত আছিল তেওঁ।

নৰেন্দ্ৰ নাথ তালুকদাৰে মৃত্যুৰ সময়ত এৰি গৈছে পত্নী, ৩ জন পুত্ৰ, এগৰাকী বোৱাৰী আৰু নাতি।