ঘোষণা হ'ল ২০২৪ বৰ্ষৰ ফিল্ম ফেয়াৰ বঁটা! শ্ৰেষ্ঠ ছবি, শ্ৰেষ্ঠ অভিনেতা-অভিনেত্ৰীৰ শিতাপ কোনে কোনে অৰ্জন কৰিলে? জানো আহক............

flim fare

ঘোষণা হ'ল ২০২৪ বৰ্ষৰ ফিল্ম ফেয়াৰ বঁটা। দেওবাৰে গুজৰাটত অনুষ্ঠিত হয় ৬৯ সংখ্যক ফিল্ম ফেয়াৰ বঁটা। ২০২৩ বৰ্যত মুক্তি পোৱা ছবিত অভিনয় কৰি শীৰ্ষ সন্মান লাভ কৰি ফিল্মফেয়াৰ এৱাৰ্ডৰ ৬৯ সংখ্যক সংস্কৰণত আধিপত্য বিস্তাৰ কৰে পাৱাৰ দম্পতী ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটে। 

উল্লেখ্য যে, দেওবাৰে গুজৰাটত অনুষ্ঠিত ফিল্মফেয়াৰ এৱাৰ্ডত সন্দীপ ৰেড্ডী ভাংগাৰ বিতৰ্কিত ছবি এনিমেলত অভিনয়ৰ বাবে ৰণবীৰ কাপুৰে মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা (পুৰুষ) হিচাপে নিৰ্বাচিত হোৱাৰ বিপৰীতে কৰন জোহৰৰ ৰোমান্টিক পাৰিবাৰিক নাটক ৰকি ঔৰ ৰাণী কি প্ৰেম কহানীত অভিনয়ৰ বাবে আলিয়া ভাটে মুখ্য চৰিত্ৰত শ্ৰেষ্ঠ অভিনেতা (মহিলা)ৰ বাবে বহুল আকাংক্ষিত ট্ৰফী লাভ কৰে। 

আনহাতে, শ্ৰেষ্ঠ ছবিৰ বঁটা ‘12TH  FAIL’লৈ
শ্ৰেষ্ঠ পৰিচালক বিধু বিনোদ চোপ্ৰা(12TH  FAIL)
শ্ৰেষ্ঠ অভিনেতা ৰণবীৰ কাপুৰ(ANIMAL)
সমালোচকৰ শিতানত শ্ৰেষ্ঠ অভিনেতা বিক্ৰম মাছেই(12TH  FAIL)
শ্ৰেষ্ঠ অভিনেত্ৰী আলিয়া ভাট(ROCKY AUR RANI KI PREM KAHINI)
সমালোচকৰ শিতানত শ্ৰেষ্ঠ অভিনেত্ৰী ৰাণী মুৰ্খাজী, শ্বেফালী শ্বাহ
শ্ৰেষ্ঠ সহঃ অভিনেতাৰ বঁটা বিকী কৌশললৈ(DUNKI)
শ্ৰেষ্ঠ সহঃ অভিনেত্ৰীৰ বঁটা শ্বাবানা আজমী(ROCKY AUR RANI KI PREM KAHINI)
শ্ৰেষ্ঠ এক্সনৰ বঁটা ‘জাৱান’লৈ
শ্ৰেষ্ঠ কৰিঅ’গ্ৰাফী বঁটা গণেশ আচাৰ্যলৈ
 

Category
Profile picture for user UB Photos