Auniati University

যোৰহাটৰ শ্ৰীশ্ৰীআউনীআটী কলিয়াপানী শাখা সত্ৰ প্ৰাংগণত উপস্থিত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

সত্ৰত উপস্থিত হৈ শ্ৰীশ্ৰীআউনীআটী সত্ৰৰ সত্ৰাধিকাৰ শ্ৰীশ্ৰীপীতাম্বৰ দেৱগোস্বামীৰ উপস্থিতিত আউনীআটী বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।

এই বিশ্ববিদ্যালয়ত প্ৰদান কৰা সময়োপযোগী শিক্ষাৰে আধ্যাত্মিক আৰু নৈতিকভাৱে শক্তিশালী নাগৰিক গঢ়িবলৈ বিশ্ববিদ্যালয়খন সক্ষম হ’ব বুলি আশাবাদী মুখ্যমন্ত্ৰী। আউনীআটী বিশ্ববিদ্যালয়ৰ বাবে ৰাজ্য চৰকাৰে প্ৰথম পৰ্যায়ত আগবঢ়াব ৫ কোটি টকাৰ অনুদান।