ISBT Accident

এক শোকাৱহ ঘটনাত সোমবাৰে আবেলি গুৱাহাটীৰ আই এছ বি টিৰ ওচৰত এজন লোক নিহত হয়।

দুচকীয়া বাহন চলাই অহা ভুক্তভোগীজনে বাইকখনৰ নিয়ন্ত্ৰণ হেৰুৱাই হাইড্ৰা বাহন এখনত খুন্দা মাৰে ঘটনা সংঘটিত হোৱাৰ লগে লগে যুৱকজনৰ থিতাতে মৃত্যু হয়।

মৃত ব্যক্তিজন লখিমপুৰৰ বিহপুৰীয়াৰ বাসিন্দা সুধীৰ ৰয় বুলি চিনাক্ত কৰা হৈছে । তথ্য় অনুসৰি তেওঁ জালুকবাৰীলৈ গৈ আছিল।

আনহাতে ঘটনাস্থলীত উপস্থিত হৈয়ে আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটি চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।